July 13, 2025 8:05 PM July 13, 2025 8:05 PM
6
ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত ৩জন সদস্য নিহত
ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণৰ ফলত সংগঠনটোৰ ৩ জন সদস্য নিহত হোৱা বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনা বাহিনীয়ে ম্যানমাৰৰ সেনা বাহিনীৰ সহযোগত সংগঠনটোৰ শিবিৰত আক্ৰমণ চলোৱা বুলিও প্ৰকাশ কৰা হৈছে। এই আক্ৰমণত নয়ন অসম, গণেশ অসম আৰু প্ৰদীপ অসম নামৰ সদস্য কেইজনৰ মৃত্যু হোৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ইপিনে, আমাৰ বজালী জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে সংগঠনটোৰ নিহত সদস্যসকলৰ ভিতৰত নয়ন অসম ওৰফে নয়ন মেধি নামৰ সদস্যজন জিলাখনৰ ডুমুৰীয়াৰ বাসিন্দা আছিল আৰু ১৯৮৯ চনত তেওঁ সংগঠনটোত যোগ দ...