April 16, 2024 5:42 PM

views 23

মাৰ্ঘেৰিটাৰ নামদাং এলেকাত আছাম ৰাইফল্‌ছৰ বাহনত আলফাৰ অতৰ্কিতে আক্ৰমণ

অসমৰ অৰুণাচল প্রদেশ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং এলেকাত আজি পুৱা সন্দেহযুক্ত আলফাৰ পৰেশ বৰুৱা ফৈদৰ উগ্ৰপন্থীয়ে আছাম ৰাইফল্‌ছৰ এটা পহৰাদাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতর্কিতে আক্ৰমণ চলায়। আছাম ৰাইফল্‌ছৰ জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত এজন জোৱান আহত হয়। আহত জোৱানজনক যোৰহাটৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জোৱানজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে। আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে।