December 17, 2024 11:28 AM December 17, 2024 11:28 AM
2
আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ
এই বৰ্ষৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত গুৱাহাটীত আই ই ডি সংস্থাপন কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অর্থাৎ আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। NIAৰ দলে অসম আৰক্ষীৰ সহযোগত কালি ডিব্ৰুগড়ৰ জাহ্নু বৰুৱাৰ বাসগৃহত চলোৱা অভিযানত ডিজিটেল যন্ত্র তথা আপত্তিজনক সামগ্রী জব্দ কৰা হয় আৰু সম্প্রতি সেইবোৰৰ পৰীক্ষা চলাই থকা হৈছে। পাছলৈ অধিক সোধা-পোছাৰ বাবে তেওঁক স্থানীয় আৰক্ষী থানালৈ তলব কৰা হয় ৷ প্রাথমিক তদন্তত অভিযুক্...