March 1, 2025 9:11 PM

views 16

কাইলৈ হ’বলগীয়া ইউৰোপীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মিলনৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ব্ৰিটেইনত উপস্থিত

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেস্কি কাইলৈ হ'বলগীয়া ইউৰোপীয় প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলনৰ পূৰ্বে আজি ব্ৰিটেইনত উপস্থিত হয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে জেলেস্কিৰ সৈতে আলোচনাত মিলিত হ'ব। ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানি আৰু অন্য নেতাসকলেও ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা।

February 15, 2025 6:34 PM

views 19

ৰাছিয়া আক্ৰমণ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰকাশ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে কয় যে বন্ধ হৈ থকা চেন বিল পাৰমানৱিক শক্তি খণ্ডৰ ৰেডিয়েচন কনটেইনমেণ্ট চেণ্টাৰত ৰাছিয়াৰ ড্ৰ'নে যথেষ্ট ক্ষতি সাধন কৰিছে। অৱশ্যে জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ পাৰমানৱিক শক্তি সংস্থাই এই ঘটনাৰ পাছত বিকিৰণৰ মাত্ৰাই স্বাভাৱিক বুলি নিশ্চিত কৰিছে। ইউক্রেইনত চলি থকা যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকা, ইউক্রেইন আৰু ইউৰোপৰ বিষয়াসকল মিউনিখত উপস্থিত হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইপিনে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰ ভাই ইউক্রেইনে পশ্চিমীয...

August 24, 2024 12:26 PM

views 19

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হ’ব পাৰে : ভ’ল’ডিমিৰ জেলেনস্কি

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ পাছতে তেওঁ এই বক্তব্য আগবঢ়ায়। বৈঠকৰ পাছত জেলেন্স্কিয়ে ভাৰতৰ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। আলোচনাৰ সময়ত শ্রীমোদীয়ে কয় যে, ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইন-...