January 18, 2025 8:29 PM

views 12

ৰাছিয়াই ইউক্রেইনৰ কীভত চলোৱা বিমান আক্রমণত কমেও তিনিজন লোকৰ প্ৰাণহানি

ৰাছিয়াই যোৱা নিশা ইউক্রেইনৰ কীভত চলোৱা বিমান আক্রমণত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱায়। ইউক্রেইনৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, এই আক্ৰমণত এটা মেট্‌ ষ্টেচন আৰু পানীৰ পাইপৰো ক্ষতিসাধন হয়। তেওঁলোকে প্ৰকাশ কৰা মতে, ৰাছিয়াৰ বাহিনীসমূহে প্ৰথমতে ড্ৰণেৰে আৰু পাছত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ইউক্রেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়াই নিক্ষেপ কৰা ৩৯ টা ড্ৰণৰ ভিতৰত ২৪ টা আৰু চাৰিটা ক্ষেপণাস্ত্ৰৰ দুটা ধ্বংস কৰা বুলি দাবী কৰিছে।