October 5, 2025 11:15 AM

views 29

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰে অহা ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে, ৯ অক্টোবৰত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিছন ২০৩৫ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এয়া হৈছে ১০ বছৰীয়া এক সময় নিৰ্ধাৰিত কাৰ্যসূচী আৰু পদক্ষেপ, যাৰ জৰ...