July 16, 2025 12:40 PM July 16, 2025 12:40 PM

views 4

শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ UIDAIৰ আহ্বান

দেশৰ অনন্য পৰিচয় প্ৰাধিকৰণ- UIDAIয়ে ৭ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পিতৃ-মাতৃ তথা অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমানৰ নীতি-নিৰ্দেশনাৰ অধীনত শিশুৰ বিকাশগত কাৰণত পৰিচয় চিনাক্তকৰণৰ ক্ষেত্ৰত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক আঙুলিৰ চাপ অথবা চকুৰ মণিবলয়ৰ পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে শিশুটিৰ বয়স ৫ বছৰ হোৱাৰ লগে লগে বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া বাধ্যতামূলক কৰা হৈছে...