November 28, 2025 12:28 PM

views 23

উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক UGCৰ নিৰ্দেশ জাৰি

বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু চূড়ান্ত ডিগ্ৰী আৰু প্ৰমাণ-পত্ৰ শীঘ্ৰে জাৰি কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে বিলম্বৰ বাবে শিক্ষার্থীসকলে সুযোগ হেৰুৱাবলগীয়া হয় আৰু তেওঁলোকে উপযুক্ত তথা গুণগত কর্মসংস্থান লাভ কৰাত বাধাৰ সৃষ্টি হয় বুলি উল্লেখ কৰিছে। আয়োগে প্ৰকাশ কৰে যে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিনপঞ্জী অনুযায়ী নিৰ্দ্দিষ্ট সময়ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আৰু ফলাফল লাভ কৰাৰ অধিকাৰ আছে। বিদ্যাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ১৮০ দিনৰ ভিতৰত...