June 22, 2024 1:12 PM June 22, 2024 1:12 PM
12
অনিবাৰ্য কাৰণবশতঃ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 পিছুৱাই দিয়া হৈছে
সংযুক্ত বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ-বিশ্ববিদ্যালয় অনুদান আয়োগ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA কৈছে, যে ২৫ জুন আৰু ২৭ জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। আনুষ্ঠানিক ৱেবচাইটযোগে পৰীক্ষাৰ সংশোধিত সময়সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। যিকোনো প্রশ্ন আৰু স্পষ্টীকৰণৰ বাবে পৰীক্ষাৰ্থীসকলক ০১১-৪০৭৫ ৯০০০ বা ০১১-৬৯২২-৭৭০০ নম্বৰত ফোন কৰিবলৈ অথবা csirnet@nta.ac.in ত লিখিবলৈ পৰামৰ্শ দিয়া হৈছে।