January 10, 2025 1:51 PM January 10, 2025 1:51 PM
7
বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ ৰূপ দিয়াত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত দেশৰ অন্যতম সন্মানজনক শিক্ষা প্রতিষ্ঠান শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। বিশ্বভাৰতী কৰ্তৃপক্ষই কালি আনুষ্ঠানিকভাৱে এই অনুমোদন পত্ৰ লাভ কৰে। বিশ্বভাৰতীৰ তৰফৰ পৰা পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে যোৱা বছৰৰ ৩ এপ্ৰিলত প্ৰস্তাৱ সম্বলিত বিস্তৃত প্রতিবেদন আয়োগলৈ প্ৰেৰণ কৰা হৈছিল। আয়োগে বিশ্ব ভাৰতীৰ পৰা প্ৰস্তাৱিত ৬টা অধ্যাপক পদৰ বিপৰীতে ৪টা পদত অনুমোদ...