July 7, 2025 7:27 PM July 7, 2025 7:27 PM

views 5

ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত উদয়াদিত্য ভৰালীৰ শেষকৃত্য সম্পন্ন

প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ শেষকৃত্য আজি ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। ইয়াৰ আগেয়ে আজি পুৱা দক্ষিণ শৰণীয়াৰ বাসগৃহৰ পৰা শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ কটন বিশ্ববিদ্যালয়ৰ চৌহদলৈ নিয়া হয়। বিশ্ববিদ্যালয় চৌহদত কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্রী তথা ছাত্র-ছাত্রীসকলে তেওঁৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি পুৱতি নিশা প্রায়...