January 20, 2026 6:32 PM

views 15

টংলাৰ কাষৰীয়া হাবিগাঁৱত আজিৰে পৰা পাঁচদিনীয়াকৈ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবার্ষিকী

ওদালগুৰি জিলাৰ টংলাৰ কাষৰীয়া হাবিগাঁৱৰ শ্ৰীৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবার্ষিকী অনুষ্ঠিত হৈছে। অঞ্চলটোৰ ২০০ বিঘা ভূমিক সামৰি আয়োজন কৰা এই অনুষ্ঠানত আজি পুৱা পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন ১০০গৰাকী বিশিষ্ট ব্যক্তিয়ে ১০০খন পতাকা উত্তোলন কৰে। প্ৰায় ২ কোটি টকাৰ বাজেটেৰে আয়োজন কৰা এই শতবাৰ্ষিকী অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশ আৰু ভূটানকে ধৰি আন বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ...