August 20, 2025 12:26 PM

views 16

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত কলেৰা আৰু ডায়েৰিয়া ৰোগ প্ৰতিৰোধ-নিয়ন্ত্ৰণ সন্দৰ্ভত বৈঠক

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত কালি কলেৰা আৰু ডায়েৰিয়া ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত চাহ বাগিচাৰ পৰিচালক তথা বিষয়াই অংশগ্ৰহণ কৰে। জিলাখনত ডায়েৰিয়া আৰু কলেৰা ৰোগৰ বিষয়ে বৈঠকত আলোচনা কৰাৰ লগতে এই ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে সজাগতাৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, স্বাস্থ্য বিষয়া উপস্থিত থাকে ।