January 20, 2025 8:06 PM

views 21

ওদালগুৰিৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণত অভিযুক্ত ৫জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

২০২৪ চনৰ ২২ জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাত অভিযুক্ত ৫জন লোকক আজি ওদালগুৰিৰ বিশেষ জিলা আৰু ছেছন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। জিলা আৰু ছেছন ন্যায়াধীশ এছ এন দেউৰীৰ আদালতে আজি ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত অভিজুল আলী, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছান আহমেদ আৰু মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্রত্যেককে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে। উল্লেখযোগ্য যে টিউচনৰ পৰা ওভতাৰ পথত এগৰাকী কিশোৰীক এই ৫জন লোকে মাজবাট চাহ বাগিচাৰ নিৰ্জন ঠাইত ধৰ্ষণ কৰিছ...