November 3, 2025 6:51 PM

views 47

ওদালগুৰিৰ মাজবাট সমষ্টিৰ লামাবাৰী চাহ বাগিচাত সদৌ অসম চাওৰা সমাজৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

ওদালগুৰি জিলাৰ মাজবাট সমষ্টিৰ লামাবাৰী চাহ বাগিচাত আজি সদৌ অসম চাওৰা সমাজৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে চাহবাগিচাখনৰ চাওৰা সমাজ প্ৰাথমিক গোটৰ সৌজন্যত আয়োজিত কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি, চাওৰা সমাজৰ যুৱ প্ৰজন্মই শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক দিশত বিকাশ সাধনেৰে জনগোষ্ঠীটোৰ লগতে অসমীয়া জাতিৰ উন্নতিতো অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।