December 23, 2024 12:25 PM

views 13

বিমান বন্দৰত উড়ান যাত্রী কেফে মুকলি কৰাৰ কথা ঘোষণা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান বন্দৰত উড়ান যাত্রী কেফে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাই বিমান যাত্রীসকলক বৃহৎ সকাহ দিছে। উল্লেখযোগ্য যে কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ'ব। ইতিমধ্যে কলকাতা বিমান বন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। এই কেফেখনৰ সফলতাৰ পাছৰ পৰ্যায়ত দেশৰ অন্যান্য বিমান বন্দৰসমূহতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে সদৰি কৰিছে।