April 29, 2024 6:32 PM

views 24

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ফলাফলত জয় ভাৰতীয় পুৰুষ দলৰ, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন ২০২৪ত ভাৰতীয় পুৰুষ দলে গ্রুপ-চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নির্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। আনহাতে ভাৰতীয় মহিলা দলেও একেৰাহে দুখনকৈ খেলত জয়লাভ কৰি গ্ৰুপৰ অন্তিম ৮টা দলৰ ভিতৰত স্থান লাভ কৰে। দলটোৱে কাইলৈ গ্ৰুপ-এৰ অন্তিমখন খেলত চীনৰ বিৰুদ্ধে খেলিব।

April 28, 2024 8:00 PM

views 26

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্ব ক্ৰমৰ অষ্টাদশ স্থানৰ খেলুৱৈ ইঅ' জিয়া মিনৰ হাতত ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ্ৰই জীআউ এন হেঙ আৰু জিন ইউ জিয়াক ২১-১৫, ২১-১৬ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত ইশাৰাণী বৰুৱাই–ইছিৰা খানক ২১-১৩, ২১-১৬ ছেটত পৰাস্ত কৰে। দ্বৈত শ...