October 7, 2024 9:00 PM October 7, 2024 9:00 PM

views 7

ভাৰতৰ ইউপিআই আৰু ইউএইৰ এএএনআই আন্তঃসংযোগৰ কাম চলি আছেঃ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পিয়ুষ গোৱেলে কয় যে, ভাৰত আৰু ইউ এ ই চৰকাৰে ভাৰতৰ ইউ পি আই আৰু ইউ এ ইৰ-এ এ এন আই আন্তঃসংযোগৰ কাম কৰি আছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা লেনদেনৰ সুবিধা অধিক শক্তিশালী হব। ইযাৰ দ্বাৰা ইউ এ ইত বাস কৰা ৩০ লাখতকৈ অধিক ভাৰতীয় উপকৃত হব যাৰ ফলত ইউ পি আই আৰু এ এ এন আই শক্তি ব্যৱহাৰ কৰিব পাৰিব। মুম্বাইত আজি বিনিয়োগ সন্দৰ্ভত ভাৰত আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ যৌথ টাস্কফোৰ্চৰ দ্বাদশ বৈঠকৰ পাছত সংবাদ মেল সম্বোধন কৰি শ্রীগোৱেলে এইদৰে কয়। এই বৈঠকত সহ সভাপতি আছ...