July 13, 2025 12:37 PM

views 16

টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ বি এড আৰু টেট উত্তীৰ্ণ হ’ব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ বি এড আৰু টেট উত্তীৰ্ণ হ'ব লাগিব। প্রাদেশীকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীকৰণৰ দাবীক লৈ হোৱা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে যোগ্যতা অর্জন নকৰা বাবে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত ২৬ হাজাৰ শিক্ষকক চাকিৰৰ পৰা বাদ দিয়াৰ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি টিউটৰসকলে বি এড-টেট উত্তীৰ্ণ হৈ যোগ্যতা অৰ্জন কৰাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। ড০ শৰ্মাই ইতিমধ্যে যোগ্যতা অর্জন...