August 24, 2024 8:56 PM August 24, 2024 8:56 PM

views 7

ডিফু মেডিকেল কলেজ হাস্পতালত আৰক্ষী চকী মুকলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ডিফু মেডিকেল কলেজ হাস্পতালত এটা আৰক্ষী চকী আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই নতুন আৰক্ষী চকীখনৰ জৰিয়তে মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ দিশটো অধিক উন্নত হ'ব বুলি আশা প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং টিছ', জিলা আয়ুক্ত নিৰলা ফাংচপী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।