June 22, 2025 12:18 PM

views 51

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যখনৰ শক্তিমন্ত্ৰী ৰতন লাল নাথে কয়, যে বর্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৩৯ খন আবেদন লাভ কৰিছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে এই আবেদনসমূহ পৰীক্ষা কৰি চাব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ যোগ্য ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। বৰ্তমান ১৮ গৰাকী আবেদনকাৰীয়ে ত্ৰিপুৰাৰ তথ্য...