September 7, 2024 12:29 PM September 7, 2024 12:29 PM
9
ত্ৰিপুৰৰা বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা ড° মাণিক সাহাৰ
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে, শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰাৰম্ভিক অনুমান প্ৰায় ১৪ হাজাৰ ২৪৭ কোটি টকা। তেওঁ কয় যে, প্রকৃত ক্ষয়-ক্ষতিৰ মূল্যায়নৰ অন্তত ৰাজ্য চৰকাৰে কেন...