August 28, 2025 1:27 PM

views 11

ত্ৰিপুৰাত ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ

ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই কাম সম্পূৰ্ণ কৰিছে। ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ৰে'ল গ্ৰীডৰ সৈতে বৈদ্যুতিক ৰে’লগাড়ীৰে সংযুক্ত কৰাৰ উদ্দেশ্যে ২০২২ চনত ৪৬ কোটি টকা ব্যয়েৰে বৈদ্যুতিকীকৰণৰ এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। অসমৰ বৰপুৰ ষ্টেচন আৰু ত্ৰিপুৰাৰ জিৰানিয়া ষ্টেচনৰ মাজত বৈদ্যুতিক ইঞ্জিনচালিত প্ৰথমখন মালগাড়ীৰ পৰীক্ষামূলক চলাচল ইতিমধ্যে সম্পন্ন কৰা হৈছে। ইয়াৰ পাছত আগৰতলা আৰু অসমৰ অৰুণাচল জংচনৰ মাজত বিদ্যুৎ...

June 23, 2025 8:29 PM

views 15

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত হৈছে। আজি আগৰতলাৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাৰ উপস্থিতিত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই বিষয়ে সদৰি কৰে। এই সফলতা ত্ৰিপুৰাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° সাহাই মিজোৰাম আৰু গোৱাৰ পাছতে দেশৰ তৃতীয়খন সম্পূৰ্ণৰূপে সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হোৱা ত্ৰিপুৰাৰ প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰে। শিক্ষা গ্ৰহণৰ কোনো নির্দিষ্ট বয়স বা সময় নাই ...

February 8, 2025 12:36 PM

views 13

ত্ৰিপুৰাত স্কীল উদয় টোংগাই শীৰ্ষক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি আগৰতলাৰ ত্ৰিপুৰা প্ৰযুক্তি প্ৰতিষ্ঠানত স্কীল উদয় টোংগাই শীৰ্ষক দক্ষতা বিকাশৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। কাৰ্যসূচী মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ প্ৰায় ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৱলীকৰণৰ উদ্দেশ্যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীসাহাই কয়, যে তেওঁ ৰাজ্যখনৰ ৯৮৩ খন বিদ্যালয়ৰ ৭০ হাজাৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ পৰামৰ্শ বিষয়ক ৰাজ্যিক এম আই এছ প'ৰ্টেল আৰু মহাবিদ্যালয়ৰ ৭ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এন এ...

September 5, 2024 11:47 AM

views 18

কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰু -এ টি টি এফৰ মাজত নতুন দিল্লীত চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা-এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্ছ-এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত কালি নতুন দিল্লীত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি সম্পাদনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহে কয় যে, এন এল এফটি আৰু এ টি টি এফে অস্ত্র সম্বৰণ কৰি মূল সুঁতিলৈ উভতি অহাটো আনন্দৰ কথা। তেওঁ লগতে ত্ৰিপুৰাৰ বিকাশৰ প্...