May 20, 2024 6:42 PM
19
ইৰানৰ ৰাষ্ট্ৰপতি-বৈদেশিক মন্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ শোক প্ৰকাশ
ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ভাৰত-ইৰানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দুখৰ সময়ছোৱাত ইৰানৰ সৈতে ভাৰত সমভাগী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ান...