November 20, 2025 12:15 PM

views 23

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ জিলাসমূহত প্রতিবাদী কার্যসূচী অব্যাহত

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ ডিব্ৰুগড়কে ধৰি জিলাসমূহত প্রতিবাদী কার্যসূচী অব্যাহত আছে। কালি সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাই ডিব্ৰুগড়ত জোঁৰ সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ কুমাৰণিছিগালৈকে এই সমদল উলিওৱা হয়। পাঁচ হাজাৰৰো অধিক লোকে অংশগ্রহণ কৰা এই প্রতিবাদী সমদলত অংশ লোৱাসকলে বিভিন্ন শ্ল'গানেৰে জনজাতিকৰণৰ দাবী তোলে। সৰু পথাৰতো জনজাতিকৰণৰ দাবীৰে টাই-আহোম ছাত্ৰ সন্থাই প্রতিবাদী জোঁৰ সমদল উলিয়ায়। ইপিনে, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ...