July 27, 2024 9:41 PM

views 22

ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। মাতৃৰ নামত এটা গছপুলি শীৰ্ষক এই গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰাৰ শিক্ষাৰ্থীসকলে মাতৃৰ উপস্থিতিত বিদ্যালয়খনৰ চৌহদত একোডালকৈ গছপুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে মাতৃৰ প্রতি সন্মান জনোৱাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰ...