February 15, 2025 7:29 PM
14
বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ
ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে বালি কঢ়িওৱা ডাম্পাৰ চালক এজনক আটক কৰি মুকলি কৰি দিয়াৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে ডাম্পাৰ চালকজনৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লোৱা সন্দৰ্ভত চালকজনে আৰক্ষী অধীক্ষকৰ ওচৰত এটা গোচৰ ৰুজু কৰিছিল। সমগ্ৰ ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাত আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে বদলিৰ এই নির্দেশ দিয়ে।