July 8, 2025 8:04 PM July 8, 2025 8:04 PM
3
লামডিং-বদৰপুৰ পাহাৰৰ ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ১২খন ৰে’লৰ যাত্ৰা পুনৰ বাতিল
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ পাহাৰ ৰে'ল লাইনৰ মুপা-দিহাখো ষ্টেচনৰ মাজত কালি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ১২খন ৰে'লৰ যাত্ৰা ১২ জুলাইলৈ পুনৰ বাতিল কৰা হৈছে। ভূমিস্খলনৰ ফলত ৰে'লপথত শিল- বালি জমা হোৱাৰ বাবে ছখন ৰে'লৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে। তদুপৰি দুখন ৰে'লৰ যাত্ৰাৰ সময় পুনৰনিৰ্ধাৰণ কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰত প্ৰকাশ পাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি মুপা-দিহাখো ষ্টেচনৰ মাজত পাহাৰৰ পৰা খহি পৰা মাটি আৰু শিল আঁতৰাই আগৰতলা-ৰাণী-কমলাপতি স্পেচিয়ে...