March 30, 2025 6:06 PM

views 24

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। গুৱাহাটী অভিমুখী ৰে'লখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ পাছতে অসম চৰকাৰে তৎপৰতাৰে বহ্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা...

October 12, 2024 11:55 AM

views 29

কাউৰাপেট্টাইত মহীশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে’লগাড়ী ৰে’ল লাইনৰ পৰা আঁতৰ

যোৱানিশা দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনা লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দক্ষিণ ৰে'লৱেৰ সূত্ৰ মতে, চেন্নাইৰ ওচৰৰ প'নেৰী পাৰ হৈ যোৱাৰ পিছত এক্সপ্ৰেছ ৰে'লগাড়ীখনে তীব্ৰ জোকাৰণিৰ সন্মুখীন হৈ লুপ লাইনক প্ৰৱেশ কৰে আৰু তাত পূৰ্বৰে পৰা থকা মাল...

July 18, 2024 6:10 PM

views 30

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। ইপিনে, ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়াক উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে।

April 26, 2024 8:48 PM

views 21

জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচনৰ মাজত মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত, কেইবাখনো ৰে’লৰ চলাচলৰ সূচী সালসলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে'লপথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সালসলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে’লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বাতিল কৰাৰো সিদ্ধান্ত লোৱা বুলি এখন বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সেই অনুসৰি আগৰতলা-গুৱাহাটী বিশেষ ৰে'লগাড়ীৰ কালিৰ যাত্ৰাৰ লগতে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী-আগৰতলা বিশেষ ৰে'লগাড়ীখন...