October 12, 2024 12:11 PM

views 19

বিজয়া দশমী উপলক্ষে যানবাহন আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি

শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহন সমূহ গুৱাহাটী ক্লাবৰ পৰা এম চি পথ হৈ উচ্চ ন্যায়ালয়ৰ কাষেৰে লাচিত ঘাটলৈ যাব পাৰিব। আনহাতে, টকৌবাৰী, পল্টন বজাৰ, উলুবাৰী, ৰিহাবাৰী দিশৰ পৰা অহা বাহন সমূহ আৰ্য নগৰ-এ কে আজাদ পথ হৈ নেপালী মন্দিৰ গধূলি বজাৰ...