September 14, 2024 10:38 AM September 14, 2024 10:38 AM
16
ট্রেডিং কেলেংকাৰী সংক্ৰান্তত সকলো গোচৰৰ তদন্ত চি বি আইক অৰ্পণৰ সিদ্ধান্ত অসম মন্ত্ৰীসভাৰ
অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । বৰ্তমানলৈকে এই কেলেংকাৰী সং...