September 19, 2024 6:55 PM

views 69

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিৰ জামিন নাকচৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ আৱেদন

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিয়ে লাভ কৰা অন্তৱৰ্তীকালীন জামিন নাকচ কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে। ৰাজ্য চৰকাৰৰ হৈ লোক অধিবক্তা মাখন ফুকনে দাখিল কৰা আৱেদনখনৰ শুনানি অহা ২৩ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ'ব। অবৈধ ট্রেডিঙৰ লগত জড়িত থকাৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা চুমি বৰাৰ আত্মীয় জিংকি মিলিয়ে এই জামিন লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰে অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক পদৰ পৰা অপসাৰণ কৰাৰ লগতে লোক অধিবক্তা কাৰ্যালয়ৰ তিনিজন জ্যেষ্ঠ প্রশাসনিক বিষয়াকো চাকৰ...