December 27, 2024 6:16 PM

views 13

পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মার্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এসপ্তাহ ধৰি চিকিৎ‍সালয়খনত সংৰক্ষণ কৰা হৈছিল। নতুন দিল্লীস্থিত মার্কিন দূতাবাসে বেৰীৰ পৰিয়ালৰ সন্মতিসাপেক্ষে মৃতদেহৰ অন্তিম সংস্কাৰ নগাঁৱতে সম্পন্ন কৰাৰ বাবে অনুমতি দিয়ে আৰু সেই অনুসৰি আজি খ্ৰীষ্টিয় ...