June 30, 2025 7:52 PM

views 72

মেঘালয়ত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল’বলৈ নির্দেশনা

পৰ্যটকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পূৱ খাচী পাহাৰ জিলাৰ উপায়ুক্ত তথা জিলা পৰ্যটন প্ৰসাৰ সমিতিৰ অধ্যক্ষই মেঘালয়ত জিলাখনত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল'বলৈ এটা নির্দেশনা জাৰি কৰিছে। আজি শ্বিলঙত প্রকাশিত এখন জাননীযোগে এই বিষয়ে সদৰি কৰা হৈছে। ট্রেকিঙৰ সময়ত কোনো দূর্ভাগ্যজনক ঘটনা সংঘটিত হ'লে ইয়াৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পর্যটকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

June 6, 2025 7:26 PM

views 27

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগদোগৰা আৰু পাকয়ঙৰ পৰা বায়ু সেনাৰ হেলিকপ্তাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি চাতেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰে। আকাশবাণী গেংটকৰ সংবাদদাতাই জনোৱা মতে, বায়ু সেনা, স্থল সেনা, এন ডি আৰ এফ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ...

December 19, 2024 8:50 PM

views 29

ভাৰতক ৩৬৫ দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

পৰ্য্যটন মন্ত্ৰালয়ে আজি কৈছে যে ভাৰতক ৩৬৫ দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ইয়াৰ ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। পর্যটন মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্য সভাত আজি এটা লিখিত উত্তৰত জানিবলৈ দিয়ে যে, পর্যটনক বিকশাই তোলাৰ বাবে দেখো আপনা দেশকে ধৰি আন ভালেমান পদক্ষেপৰ জৰিয়তে জনপ্ৰিয় নোহোৱা পৰ্যটন ক্ষেত্রক অধিক জনপ্রিয় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শেখাৱটে কয়, যে মন্ত্রালয়ে পর্যটন ক্ষেত্রসমূহক পর্যটকক আকৰ্ষিত কৰিব পৰাকৈ ব...

May 31, 2024 7:28 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 6, 2024 1:34 PM

views 39

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ

♦ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পর্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।