February 22, 2025 12:25 PM
13
এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধিৰ সিদ্ধান্ত
এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধি পাব। কেন্দ্ৰীয় পথ, পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রনালয়ে ইতিমধ্যে প্রয়োজনীয় টোকা প্ৰস্তুত কৰি উলিয়াইছে। সেই অনুসৰি ৫ৰ পৰা ১৫ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰ ৩ জুনৰ পৰা টোল মাচুল বৃদ্ধি কৰা হৈছিল। ইফালে ৰাজ্যখনত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত টোলগেটবোৰ মুকলি কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰ যো-জা চলাইছে। কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ ওচৰৰ মোনাবাৰীত টোলগেট মুকলি কৰা...