December 11, 2024 8:08 PM
12
সংসদৰ উভয় সদনত বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ তুমুল বাক-বিতণ্ডা, উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত
বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে লোকসভাৰ কাম-কাজ কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ'ব লাগে বুলি দ...