December 22, 2024 8:02 PM

views 13

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত

দুদিনীয়া ভ্রমণসূচীৰে কালি কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এয়া বহিঃৰাষ্ট্রৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা বিংশ সন্মান। কুৱেইটে আগবঢ়োৱা এই সন্মান বিভিন্ন ৰাষ্ট্ৰৰ মুৰববী, বিদেশী প্ৰতিনিধি আৰু বিদেশৰ ৰাজ পৰিয়ালৰ সদস্যলৈ বন্ধুত্বৰ চিন স্বৰূপে আগবঢ়োৱা হয়। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই সন্মান ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টন, জর্জ বুশ্ব...