October 16, 2025 8:38 PM

views 17

টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মিচিং জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠন টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জনগোষ্ঠীটোৰ বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ পাণবাৰী গ্ৰাম্য ক্রীড়া সংস্থাৰ খেলপথাৰত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মিচিং ক্রীড়া সমাৰোহৰ বাবে খেলুৱৈ বাচনি শিবিৰো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ধেমাজি জিলাৰ চিলাপথাৰতো আজি সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন...