April 27, 2025 7:12 PM

views 40

তিৱা জনজাতীয়সকলৰ ব’হাগ বিহুৰ  অন্তিম দিনা প্রতীকি যুদ্ধ প্ৰদৰ্শন

তিৱা জনজাতীয় ব'হাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য-সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে প্রতীকি যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্রতীকি যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোভা ৰজাৰ ব'হাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে জাগীৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্রতীকি যুদ্ধ অনুষ্ঠিত হৈ আহিছে। দুই ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবর্গৰ সৈতে তিৱাসকলৰ যাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি মেলাথলীত উপস্থিত হয়। ইয়াৰ পাছত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল-তৰোৱাল নৈ দুই ৰজাৰ পাৰিষদবর্গ...

April 15, 2025 1:17 PM

views 20

মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ছগ্ৰা উৎসৱ পালন কৰিব

মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ছগ্ৰা উৎসৱ অহা ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালন কৰিব। উল্লেখযোগ্য যে সুদীর্ঘ ২৫ বছৰৰ পাছত এইবেলি মেঘালয়ৰ লুম্ফৈ গাঁৱত লুপ্ত পাবলৈ ধৰা বসন্ত উৎসৱ ছগ্ৰা পালন কৰা হ'ব। জাগীৰোডৰ গোভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা হৈছে। ছগ্ৰা উৎসৱৰ পাছতেই ঝুম খেতি আৰম্ভ কৰাৰ পৰম্পৰা চলি আহিছে। বিভিন্ন কাৰণত এই উৎসৱ পালন কৰাৰ পৰা বিৰত আছিল যদিও এইবেলি মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকসকলে পুনৰ এই পৰম্পৰা পালন কৰিবলৈ ওলাইছে।