December 29, 2024 12:04 PM
11
তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত ফেব্ৰুৱাৰীত মুকলি হব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত অহা বছৰৰ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নিৰ্মাণ চলি থকা এইটো হ'ব দেশৰ তৃতীয়টো বীজ বেংক। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই যোৱা বছৰৰ ১ নৱেম্বৰত বীজ বেংকটোৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষ বীজ বেংকটোৰ ৯৫ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। এই প্রকল্প সম্পূৰ্ণ হৈ উঠিলে তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত সংৰক্ষিত হৈ অহা ৭ হাজাৰৰো অধিক থলুৱা ধানৰ স...