March 10, 2025 12:31 PM

views 14

অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, ভাৰতীয় চলচ্চিত্র মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ১৪ মাৰ্চৰ বিয়লি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দেশী-বিদেশী ১৪খন চলচ্চিত্ৰ আৰু কেইবাখনো চুটি ছবি তথা তথ্যচিত্র মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। ৰীমা বৰাৰ ৰাষ্ট্ৰ...

October 24, 2024 1:18 PM

views 32

তিতাবৰত ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত

তিতাবৰত কালি ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডº কলিতাৰ চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা দিয়ে বিশিষ্ট লেখিকা ডº অদিতি বেজবৰুৱাই। মহাবিদ্যালয়খনৰ আলোচনা কক্ষত অনুষ্ঠিত জ্যোতির্বিজ্ঞান : ইতিহাস আৰু প্ৰভাৱ বিষয়ক বক্তৃতা দি সদৌ অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ডº বেজবৰুৱাই কয় যে মানুহৰ অনুসন্ধিৎসাৰ বাবেই পৃথিৱীখন সকলো ক্ষেত্ৰত আগবাঢ়ি গৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডº লিতুল বৰুৱাৰ সভাপতিত্ব...

October 5, 2024 9:46 AM

views 20

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীৰ অভিযান

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীয়ে কালি তিতাবৰ সাপ্তাহিক বজাৰ আৰু ৰঙাজানত যুটীয়া অভিযান চলায়। এই অভিযানৰ সময়ছোৱাত প্ৰায় ১৫ লিটাৰ অবৈধ সুৰা নষ্ট কৰাৰ লগতে পোহৰলৈ অহা সুৰাসক্ত চালকৰ দুটাকৈ ঘটনা তিতাবৰ আৰক্ষী চকীত ৰুজু কৰা হয়।