April 27, 2025 7:18 PM

views 32

তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি কৰ্দৈগুৰি গাঁও পঞ্চায়ত এলেকাৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত ৮টা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্রস্ত পৰিয়ালকেইটাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহচক্র বিষয়াক নির্দেশ দিয়ে। মথাউৰি মেৰামতি আৰু খহনীয়া ৰোধৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

January 5, 2025 11:25 AM

views 33

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত অর্গেনিক পদ্ধতিৰ খেতি সন্দৰ্ভত  সজাগতামূলক কাৰ্যসূচী

তিনিচুকীয়া জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত আজি অর্গেনিক পদ্ধতিৰে কিদৰে খেতি কৰিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া নগৰৰ দেওবৰীয়া বজাৰত এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চৈতন্য বৰাই সদৰি কৰিছে। মহাবিদ্যালয়খনত অৰ্গেনিক পদ্ধতিৰে কৰা খেতিৰ দ্বাৰা উৎপাদিত শাক-পাচলি সামগ্রী বিক্ৰিৰো ব্যৱস্থা থাকিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে।

October 16, 2024 11:48 AM

views 21

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত অহা ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপন কৰা হ'ব। এই দিৱস উদযাপন সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ সভাকক্ষত কালি এখন সভা অনুষ্ঠিত হয়। সভাত বিধায়ক বলিন চেতিয়া, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।

September 8, 2024 12:06 PM

views 20

বিধায়ক ৰূপেশ গোৱালাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন

বিধায়ক ৰূপেশ গোৱালাই তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত ৬২ লাখ ৬৩ হাজাৰ টকা ব্যয় বে নির্মাণ কৰিবলগীয়া ৮টা বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচার্যী, পৌৰসভাৰ কার্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমা, উপ-পৌৰপতি মনি দত্ত লগতে আন কেইবাগৰাকীও সমাজকর্মী উপস্থিত থাকে।

August 8, 2024 7:12 PM

views 30

তিনিচুকীয়াত আইন-শৃংখলা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশগ্ৰহণ জি পি সিঙৰ

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰি আছে। ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ধুবুৰী, কাছাৰ, দক্ষিণ শালমাৰা মানকাচৰ আদি সীমান্তৱৰ্তী জিলাৰ আৰক্ষী অধীক্ষকসকলক অধিক সক্রিয় হ'বলৈ কোৱা...

April 3, 2024 6:08 PM

views 71

ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত শুভংকৰ মুকলি

♦ তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে- ভূঁঞে বিয়পাবলৈ আহ্বান জনাইছে। Read More News : তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃত...