September 9, 2024 11:22 AM

views 70

তিনিচুকীয়াৰ শ্ৰীশ্ৰী টিপুক মায়ামৰা বজ্ৰপুৰ শিমলুগুৰি সত্ৰৰ শতবর্ষ উদযাপনৰ প্রস্তুতি

তিনিচুকীয়া জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী টিপুক মায়ামৰা বজ্ৰপুৰ শিমলুগুৰি সত্ৰই ২০২৫ চনত ১০০ বছৰ অতিক্ৰম কৰিব। সত্ৰখনত শতবর্ষ উদযাপন কৰা উপলক্ষে প্রস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে ২৩৬ বছৰ ইতিহাস প্রসিদ্ধ টিপুক মায়ামৰা মূল সত্ৰখন ডুমডুমা দৈমুখীয়া ৰূপাই চাহ বাগিচাৰ পৰা উঠাই আনি পুনৰ ১৯২৫ চনত বৰ্তমানৰ কৰ্দৈগুৰি অঞ্চলৰ অনন্ত নলা, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত কেৰানি দর্জীজান গাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰায় ৪২ খন গাঁৱৰ ভকত-বৈষ্ণৱ এই ঐতিহাসিক সত্ৰখনৰ সৈতে জড়িত হৈ আছে।