January 10, 2025 8:33 PM

views 14

তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, ৰূপাই চাইদিঙত সাংসদ গৌৰৱ গগৈৰ দলীয় কর্মকৰ্তাৰ সৈতে পঞ্চায়ত নির্বাচন সম্পৰ্কত আলোচনা

যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি তিনিচুকীয়া জিলাৰ ডিগবৈ, ডুমডুমা, তিনিচুকীয়া আৰু ৰূপাই চাইদিং ভ্ৰমণ কৰি দলীয় কর্মকৰ্তাসকলৰ সৈতে সমাগত পঞ্চায়ত নির্বাচন সম্পৰ্কত আলোচনা কৰে। পাছত ডিগবৈত তেওঁ উমৰাংছ' ঘটনাত চৰকাৰৰ ভূমিকাৰ প্ৰতিবাদত আয়োজন কৰা এটা প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে ২০২১ চনতে ন্যায়াধীশ গজেন্দ্ৰ প্ৰসাদৰ প্ৰতিবেদনত এন্দুৰৰ গাঁত সদৃশ খনি বন্ধ কৰাৰ বাবে দিয়া স্পষ্ট নির্দেশ অসম চৰকাৰে গ্ৰহণ নকৰা বুলি অভিযোগ কৰে।