November 30, 2024 12:45 PM

views 14

তিনিচুকীয়াৰ মাকুমত অগ্নিকাণ্ড, ৩খন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত

তিনিচুকীয়া জিলাৰ মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সমীপত কালি সংঘটিত অগ্নিকাণ্ডত তিনিখন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামান্য ক্ষয়-ক্ষতি হয়। ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ সমীপত জ্বলি থকা শুকান জাৱৰৰ দ’মৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপাত হয় বুলি স্থানীয় ৰাইজে জনাইছে। ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে জুই নির্বাপন কৰে ।