November 11, 2024 6:48 PM

views 15

তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধৰ সামৰণি; তিনিচুকীয়াত বন্ধৰ ব্যাপক প্ৰভাৱ, ডিব্ৰুগড়ত আংশিক প্ৰভাৱ

অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনে দিয়া ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। তিনিচুকীয়া জিলাত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে যদিও ডিব্ৰুগড় জিলাত এই বন্ধৰ আহ্বানে আংশিক সঁহাৰিহে লাভ কৰে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, জিলা সদৰ তিনিচুকীয়া নগৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত আজি বাহনৰ চলাচল কম হয় আৰু দোকান-বজাৰ বন্ধ হৈ পৰে। অৱশ্যে চৰকাৰী কাৰ্যালয়, বেং...