May 23, 2024 8:37 PM May 23, 2024 8:37 PM

views 11

তিনিচুকীয়াত কলেৰাত ১১জন লোকৰ মৃত্যুৰ বাতৰিৰ সত্যতা খণ্ডন জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাত কলেৰাত আক্ৰান্ত হৈ ১১জন লোকৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা জিলা প্ৰশাসনে খণ্ডন কৰিছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত আয়ুক্ত স্বপ্নীল পালে এই বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, আই চি এম আৰৰ প্ৰতিবেদন মতে কোনো লোকৰ কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ ফলতহে এই লোকসকলৰ মৃত্যু হৈছে বুলিও আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, জিলাখনত কলেৰাত ১১ জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ লগ...