October 21, 2024 9:20 PM

views 11

তিনিচুকীয়াত কাইলৈ উপস্থিত হ’ব কৃষি আৰু কৃষক বিভাগৰ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক বিভাগৰ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে বৰহাপজানত থকা এখন কৃষি পামো পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি শ্ৰী চৌধুৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে এখন নাগৰিক সন্মিলনতো অংশগ্ৰহণ কৰিব।