July 17, 2025 1:37 PM

views 15

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কালি কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি কৰা হয়। তিনিচুকীয়া নগৰৰ বৰদলৈ নগৰৰ ভৱেন গগৈ পথত কেন্দ্ৰটো স্থাপন কৰা হৈছে। ডিগবৈৰ ভাৰতীয় তেল নিগম লিমিটেডৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত কালি অতিৰিক্ত জিলা আয়ুক্ত ড০ মন্দিৰা বৰুৱাই মুকলি কৰে৷ এই কেন্দ্ৰটোত ১০ৰ পৰা ১৮ বছৰৰ ২৫জনকৈ কিশোৰক ৰখাৰ ব্যৱস্থা কৰা হ’ব৷