April 12, 2025 8:45 PM
14
তিনিচুকীয়াৰ চৰকাৰী অধিবক্তা অশোক কুমাৰ চুবেক তাৎক্ষণিকভাৱে অব্যাহতি
তিনিচুকীয়া জিলাৰ চৰকাৰী অধিবক্তা অশোক কুমাৰ চুবেক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হৈছে। অধিবক্তাগৰাকীৰ হাতত থকা সকলো নথি-পত্ৰ অতিৰিক্ত চৰকাৰী অধিবক্তাৰ হাতত অৰ্পণৰ বাবে নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে অধিবক্তা অশোক কুমাৰ চুবেৰ বিৰুদ্ধে বহু সময়ত বক্ৰপথ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।